Monday 12 June 2017

শিখৰ গুটখা বা ৰজনীগন্ধাত প্ৰায় ৪০ ধৰনৰ কৰ্কট ৰোগ সৃষ্টিকাৰী উপাদান ( cancerous cell producing elements) থাকে|



বৰ্তমানৰ যুব সমাজৰ বেছিসংখ্যকেই শিখৰ, ৰজনীগন্ধা, পান, ছিগাৰেটৰ প্ৰতি খুবেই আসক্ত হোৱা দেখা যায় বিশেষকৈ শিখৰ, ৰজনীগন্ধা নহলে তেওঁলোকৰ খোৱা খাদ্য হজম নহয়। যিসকল মানুহে এইধৰণৰ নিচাযুক্ত বস্তুক তেওঁলোকৰ দৈনন্দিন খাদ্য হিচাপে গ্ৰহণ কৰে তেওঁলোকৰ বেছিভাগেই এইবিলাক স্বাস্থ্যৰ পক্ষে কিমান হানিকাৰক সেয়া ভালকৈ জানে, তথাপিও যেন এই ধৰণৰ অখাদ্যৰ পৰা আঁতৰি থাকিব নোৱাৰে। কাৰণ তেওঁলোকে ইয়াৰ ভয়াবহতাৰ বিষয়ে সম্পুৰ্নকৈ জ্ঞাত নহয়। আৰু সেয়ে ইয়াৰ ভয়াবহতাৰ বিষয়ে মোৰ ক্ষুদ্ৰ জ্ঞানেৰে আপোনালোকক আকৌ এবাৰ জনাবলৈ প্ৰয়াস কৰিলো।
আপুনি যদি দৈনিক গড়ে ৭ টা কৈ শিখৰৰ পেকেট খায় তেতিয়াহলে ৫ বছৰত সৰ্বমুঠ কিমান খায় হিচাপ কৰোঁ আহক। প্ৰতিটো শিখৰৰ পেকেটৰ ওজন ৩ গ্ৰাম হলে প্ৰতিদিনে আপুনি খায় ২১ গ্ৰাম, প্ৰতিমাহে খায় ৬৩০ গ্ৰাম, প্ৰতিবছৰে খায় ৭৫৬০ গ্ৰাম অৰ্থাৎ ৭.৫ কেজি, ৫ বছৰত সৰ্বমুঠ খায় ৩৫ কেজিৰো অধিক। এই ৩৫ কেজি শিখৰ যেতিয়া আপুনি মুখেৰে চোৱাই খাব আৰু ইয়াৰ ৰস মুখৰ লালটিৰ সৈতে মিহলি হৈ পাকস্থলী তথা খাদ্য নলীলৈ সোমাই যাব, সেই মুখ তথা পাকস্থলীৰ ভিতৰৰ mucous layer টো পূৰি ছাৰখাৰ হৈ যাব। শিখৰ গুটখা বা ৰজনীগন্ধাত প্ৰায় ৪০ ধৰনৰ কৰ্কট ৰোগ সৃষ্টিকাৰী উপাদান ( cancerous cell producing elements) থাকে যিবিলাকে তলত উল্লেখ কৰা জীৱন ধ্বংসী বেমাৰৰ সৃষ্টি কৰিব পাৰে..
1. Oral submucous fibrosis, a condition that makes it difficult to open the mouth. ( মুখৰ কেন্সাৰ)
2. Pre-cancerous lesions in the mouth and a cancer called squamous cell carcinoma. (মুখৰ কেন্সাৰ)
3. Cancers of the liver, cervix, stomach, prostate and lung. ( লিভাৰ, জৰায়ু, পাকস্থলী, প্ৰস্টেট আৰু হাওঁফাওঁৰ কেন্সাৰ)
4. Rapid heartbeat, low blood pressure and worsening of asthma. (তীব্ৰ হৃদস্পন্দন, ৰক্ত চাপ কমি যোৱা, কষ্টকৰ উশাহ নিশাহ)
5. হাত ভৰি কপা, ডিচেন্ট্ৰি, অৰুচি, বদহজম, মুখ বেকা হৈ যোৱা, এচিডিটি দাতঁৰ বিভিন্ন বেমাৰ, অনিয়মীয়া শৌচ, মেলিনা (ano rectal bleeding) ইত্যাদি।
ছিগাৰেটৰ ক্ষেত্ৰতো প্ৰায় একেই। এটা ছিগাৰেটৰ পৰা যিমান ধোৱা ওলায় গোটেইখিনি যদি এটা বন্ধ পাত্ৰত আবদ্ধ কৰো, প্ৰায় ৫ লিটাৰৰ বটল এটা ভৰ্তি হৈও বেছি হব। গতিকে যদি আপুনি প্ৰতি দিনে গড়ে ৫ টা কৈ ছিগাৰেট খায় তেন্তে ৫ বছৰৰ অন্তত কিমান খিনি ধোৱা আপোনাৰ হাওঁফাওঁৰ ভিতৰত সোমাব জানেনে??? ২০০ টা পৰিয়াল থকা এখন গাওঁত একেদিনাই জুই লগাই দিলে যিমানখিনি ধোৱা ওলাব সিমানৰ সমান আৰু এই ধোৱা যেতিয়া আপোনাৰ হাওঁফাওঁৰ ভিতৰেদি প্ৰবেশ কৰিব আপোনাৰ হাওঁফাওঁৰ অবস্থা কেনেকুৱা হব এবাৰ ভাবক। ছিগাৰেট সেৱনৰ ফলত হাওঁফাওঁৰ বেমাৰ যেনে কেন্সাৰ, COPD, Asthma ইত্যাদি মাৰাত্মক বেমাৰৰ লগতে অৰুচি, বধ হজম, কোষ্ঠকাঠিন্য, হাত ভৰি কম্পন, fatty liver, hypercholesterolemia, heart disease, lung tuberculosis (most important) ইত্যাদি বিভিন্ন বেমাৰ হোৱাৰ সম্ভাৱনা থাকে।


For More Update click below link
https://www.facebook.com/jahidulislam.ahmed.7.7

No comments:

Post a Comment